নাম সলনি কৰিলে RCB এ

নাম সলনি RCB দলৰ 



এইবাৰ দলৰ ল’গ’ , জাৰ্ছী আৰু  নাম সলনি কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ  বাংগালুৰুৱে। ২২ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু নাম লৈ অৱতীর্ণ হ'ব দলটোৱে। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আয়োজিত এটা অনুষ্ঠানত দলটোৰ আনুষ্ঠানিকভাৱে নাম সলনি কৰাৰ কথা ঘোষণা কৰে ফ্রেনছাইজীটোৱে। দীর্ঘদিন ধৰি স্থানীয় অনুৰাগীসকলে দলটোৰ নাম সলনি কৰাৰ বাবে অনুৰোধ কৰি আহিছিল। ২০১৪ চনত ৰাজ্যখনৰ নাম বাংগালুৰুৰ সলনি বেংগালুৰু কৰাৰে পৰা অনুৰাগীসকলে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ নামটো ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কৰিবলৈ অনুৰোধ জনাইছিল। ইফালে, কালিৰ অনুষ্ঠানত দলটোৰ ল'গ', কিট আৰু জার্জীও উন্মোচন কৰা হয়।