গৰুকেইটাক Miss কৰিম বুলি কাক গৰু বুজালে পৰিমল শুক্লবৈদ্যই

 

“ দিছপুৰৰ চৰকাৰী আৱাসগৃহ , গৰুকেইটা , পাচলিৰ বাৰীখন যথেষ্ট Miss কৰিম ” - পৰিমল শুক্লবৈদ্য
 




২০২৪ লোকসভাৰ নিৰ্বাচন সমাগত ৷ সকলো দলেই নিৰ্বাচনৰ বাবে ৰণ ডংকা বজাইছে ৷ পাছ পৰি থকা নাই শাসনাধিষ্ঠিত বিজেপি দলো ৷ বিজেপি অসম প্ৰদেশেও ঘোষণা কৰিলে অসম লোকসভাৰ ১৪ খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা ৷


শিলচৰৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে বৰ্তমান ধলাই বিধানসভা সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই ৷ প্ৰাৰ্থীত্ব লাভ কৰিয়েই উৎসাহিত হৈ দিয়া তেখেতৰ এটা বক্তব্যই নেটিজেন সকলক যথেষ্ট হাঁহিৰ খোৰাক যোগাইছে ৷ পৰিমল শুক্লবৈদ্যই কয় যে তেখেতে এতিয়া দিছপুৰৰ চৰকাৰী আৱাসগৃহ , গৰুকেইটা , পাচলিৰ বাৰীখন যথেষ্ট Miss কৰিব ৷ কিন্তু গৰুকেইটা বুলি শুক্লবৈদ্যই কাক বুজালে সেই লৈ এতিয়া সকলোৰে মাজত সৰৱ চৰ্চা চলিছে ৷ বহুতৰ মতে গৰুৰ দৰে আচৰণ কৰা সতীৰ্থ বিধায়ক কেইজনমানকে গৰু বুলি আকাৰ ইংগিতেৰে বুজালে নেকি ! ! !