IPL ৰ প্ৰথম মেচত আজি চেন্নাই ছুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আজিৰে পৰা আৰম্ভ হ’ব আই পি এল মহাৰণ



আজি ক্ৰিকেট অনুৰাগীৰ এবছৰৰ অপেক্ষাৰ অন্ত পৰিব ৷ আজিৰে পৰা অনুষ্ঠিত হ’ব বিশ্বৰ অন্যতম জনপ্ৰিয় টি-২০ ক্ৰিকেট প্ৰতিযোগিতা আই পি এলৰ ১৭ সংখ্যক সংস্কৰণ। ইতিমধ্যে আই পি এল কৰ্তৃপক্ষই প্ৰথম লেগৰ ২১খন খেলৰ সময়সূচী ঘোষণা কৰিছে। ডিফেণ্ডিং আৰু পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আজি  প্ৰতিযোগিতাৰ উদ্বোধনী মেচত অংশগ্ৰহণ কৰিব।  দুয়োটা দলে নতুন উদ্যমেৰে মুকলি মেচখন খেলিব। চেন্নাইৰ নেতৃত্বত নতুন অধিনায়ক হোৱাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু নতুন নামেৰে থাকিব।  উদ্বোধনী খেলৰ কেইঘণ্টামান পূৰ্বে চেন্নাইয়ে মহেন্দ্ৰ সিং ধোনিৰ ঠাইত ৰুতুৰাজ গাইকৱাদক নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়ে। এম এ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেলখন ৷ খেলৰ সময় নিশা ৮ বজাত ৷