CAA ৰ বিৰুদ্ধে আমগুৰিত উত্তাল প্ৰতিবাদ

'কা' বলবৎ হ'লে ভয়ংকৰ হ'ব পৰিস্থিতি: কৃষক মুক্তি

                    আমগুৰিত উত্তাল প্রতিবাদ




নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ মাজমজিয়াত উত্তাল প্রতিবাদ সাব্যস্ত কবে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। কৃষক মুক্তি সংগ্রাম সমিতিৰ উদ্যোগত আজি দিনৰ ১১ বজাব পৰা শতাধিক প্রতিবাদকাৰীয়ে আমগুৰি নগৰৰ চাৰিআলিত অৱস্থান গ্রহণ কৰি নাগৰিকত্ব সংশোধনী আইন বলৱৎকৰণৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে 'কা' আমি নামনো, 'কা' কার্যকৰী কৰিবলৈ দিয়া নহ'ব, জাতিবিৰোধী 'কা' কার্যকৰী কৰিবলৈ বিচৰা বিজেপি চৰকাৰ হুচিয়াৰ, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা হুচিয়াব, কেন্দ্রীয় গৃহমন্ত্রী অমৃত শ্বাহ হুচিয়াৰ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। প্রতিবাদী কার্যসূচীত কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্রমুক্তি সংগ্রাম সমিতি, অসমীয়া যুৱ মঞ্চ, বীৰ লাচিত সেনা, ক্রান্ট্রী উইমেন, ৰাইজৰ দল, প্রদেশ কংগ্ৰেছ, জাতীয় যুৱ বাহিনীয়ে সহযোগ কৰে। প্রতিবাদস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়া, কেন্দ্রীয় মুখ্য সাংগঠনিক সম্পাদক ৰিতুমণি হাজৰিকা, কৃষক মুক্তি সংগ্রাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক কৰুণা শইকীয়া, দুর্লভ দিহিঙীয়া আৰু দুলু হাজৰিকা, দুলাল কলিতা, অসমীয়া যুৱ মঞ্চৰ আকাশ বীৰ শইকীয়া, বীৰ লাচিত সেনাৰ উদয়াদিত্য বৰা, ক্ৰাল্ট্রী উইমেনৰ ৰাণী শর্মা, ছাত্র মুক্তি সংগ্রাম সমিতিৰ পল্লৱ শইকীয়া, কল্যাণ তামুলী, ভাস্কৰ বৈৰাগী, ৰবীন হাজৰিকা, ৰণ্টো শইকীয়া, ৰাইজৰ দলৰ বিজিত দত্ত, মুজিদ আলী, ৰূপা বৰা, যুৱ বাহিনীৰ সৌৰভ বৰা, বিশ্ব বুঢ়াগোহাঁই, সৰাংগ গগৈ, বিকাশ গগৈ, দিলোৱাৰ হুছেইন উপস্থিত থাকি 'কা'কাৰ্যকৰী হ'বলৈ হ'লে আন্দোলন তীব্ৰতৰ লগতে ৰাজপথ অচল কৰি দিয়া হ'ব বুলিও হুংকাৰ দিয়ে। আনহাতে, আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আমগুৰি আৰক্ষীয়ে বৃহৎ সংখ্যক আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ সমাবেশ ঘটোৱা দেখা গ'ল।