মই ৰাজনীতিলৈ নাযাওঁ - নানা পাটেকাৰ
বলিউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকাৰ সততে বিভিন্ন মন্তব্যৰে চৰ্চাত থাকে। যিকোনো বিষয়ত তেখেতে পোনপটীয়া বক্তব্য আগবঢ়াই থাকে ৷ শেহতীয়াকৈ তেখেতে ৰাজনীতিত যোগদানৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছে ৷
নানা পাটেকাৰে মন্তব্য কৰে যে “মই ৰাজনীতিলৈ নাযাওঁ ৷ পেটত যি থাকে মুখেৰে ওলাই আহে ৷ ৰাজনৈতিক দলে ইয়াৰ বাবে মোক দলৰ পৰা বহিস্কাৰ কৰিব ৷ দল সলাই সলাই এমাহত সকলো দল শেষ কৰিম ৷”

