বাতৰি কাকতত চৰকাৰী বিজ্ঞাপনক লৈ কি ক’লে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে

 বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাজোৰা বিজ্ঞাপনক লৈ বেছ ধিক্কাৰ গৰিহণা আৰু ছিঃ ছিঃ হৈছে, বহুতে বাতৰি কাকত কিনা বা পঢ়া বাদ দিছোঁ বুলি ইতিমধ্যে সগৌৰৱেৰে ঘোষণা কৰিছে।





তেওঁলোকৰ আবেগ আৰু যুক্তিক সন্মান জনাই কেইটামান কথা কব বিচাৰিছো-


১) আমাৰ প্ৰায় 2 কোটি মানুহে অসমীয়া কব বা পঢ়িব পাৰে, অসমৰ সকলো বাতৰিকাকত মিলাই মুঠ ২.৫ লাখ কপিও বিক্ৰী নহয়। অৰ্থাৎ ১% অসমীয়াইহে বাতৰি কাকত পঢ়ে। আনকি কীৰ্তি নাথ হাজৰিকা, হোমেন বৰগোহাঞি, ৰাধিকামোহন ভাগৱতীৰ দৰে  স্বনামধন্য সম্পাদকৰ নেতৃত্বত সংবাদ মাধ্যমৰ  সেই সোনালী দিনতো এই ৯৯% অসমীয়াই বাতৰিকাকত পঢ়িব বিচৰা নাই।


২) আনুসংগিক ব্যয়, ছপা খৰছ,নিউজ প্ৰিন্টৰ দাম যিদৰে বাঢ়িছে একপি বাতৰি কাকতৰ প্ৰডাকচন কষ্ট ১৫/১৬ টকা হয়গৈ, বাতৰিকাকতখন বিক্ৰী কৰিব লগীয়া হয় ১০টকাত।  প্ৰতিখন কাকতত ঘাটি ৫/৬টকাকৈ (এনেকুৱা ব্যৱসায় হয়তো পৃথিৱীত নাই) !এই ঘাটি পূৰণ কৰিব লগা হয় বিজ্ঞাপনৰ ৰাজহেৰে।


৩)অসমত বিজ্ঞাপনৰ মাৰ্কেটখন সৰু। কৰ্পৰেটৰো ইন্টাৰেষ্ট কম। বাতৰি কাকত কেইবাখনো হোৱাত হেতাওপৰা বেছি। উপায়ন্তৰ নোহোৱাত প্ৰায় সকলোৱেই চৰকাৰী বিজ্ঞাপনৰ ওপৰত নিৰ্ভৰশীল।


৩) স্বাভাৱিকতে এই পৰিস্থিতিৰ সুবিধা চৰকাৰে লয়। অলপতে সমালোচনাত্মক বাতৰি বেছি হোৱা বা মনঃপূত বাতৰি নোহোৱা বাবে প্ৰায় এমাহ আমাৰ কাকতত চৰকাৰী বিজ্ঞাপন বন্ধ কৰি দিয়া হল।তেতিয়া কিন্তু বিজ্ঞাপনশূন্য বাতৰি কাকত কিনিবলৈ কাৰো উৎসাহ দেখা নগল, চাৰ্কুলেছন নাবাঢ়িল, প্ৰতিবাদ ক্ৰাউডফাণ্ডিং আদিতো দূৰৈৰ কথা।


৪) বাতৰি কাকত কিনি  মাহে মাথোঁ ৩০০ টকা নষ্ট কৰিব নোখোজা সকলে ,এটা সন্ধিয়াতে কেইহাজাৰমান টকা ফূৰ্তি কৰি উৰুৱাই দিয়ে। মবাইলৰ ডাটা কিনি চছিয়েল মিডিয়াৰ তথাকথিত নিৰপেক্ষ বাতৰিৰ সোৱাদ লয়।হোৱাটছ আপ ইউনিভাৰ্চিটিৰ একনিষ্ঠ ছাত্ৰ হয়। সেই ছচিয়েল মিডিয়াও কিন্তু কৰ্পৰেট নিয়ন্ত্ৰিত,যি কেতিয়াও নিজৰ ব্যৱসায়ৰ বা চৰকাৰৰ ক্ষতি হবলৈ নিদিয়ে।


৫) বাতৰিকাকত নপঢ়াৰ বহু অজুহাত দিব পাৰি, প্ৰথম পৃষ্ঠাজোৰা বিজ্ঞাপন নিমিত্ত মাত্ৰ। মাথোঁ এটা পাত লুটিয়ালেই প্ৰথম পৃষ্ঠাতো পোৱা যায়, সেই কণ কষ্ট কৰিব লৈও মানুহ নাৰাজ।ইউটিউবত জনপ্ৰিয় ভিডিঅ' এটা চাবলৈ প্ৰথম কেইছেকেণ্ডমান বিজ্ঞাপনৰ বাবে ৰৈ থাকিব লাগে, তেতিয়াতো কাৰো আপত্তি নাই।


৫) তথাপি কও, ডাঙৰ ডাঙৰ কৰ্পৰেট চালিত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতকৈ আঞ্চলিক সংবাদ মাধ্যমে এতিয়াও নিঃচৰ্ত আত্মসমৰ্পণ কৰা নাই, অলপ হলেও প্ৰতিৰোধ কৰি আছে।হাজাৰ হাজাৰ কোটিৰ চৰকাৰী-বিজ্ঞাপন লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে কি কৰি আছে সকলোৱে দেখি আছে।


টাইমছ অৱ ইণ্ডিয়াৰ প্ৰথম পৃষ্ঠা প্ৰায়েই চিমেন্ট,ডিটাৰজেন্ট, কন্ট্ৰাচেপটিভ আদিৰ বিজ্ঞাপনেৰে ঢাক খাই যায়, ইমান দিনে কাৰো প্ৰতিক্ৰিয়া শুনা নাছিলোঁ।বাতৰিকাকতৰ আৰু প্ৰাসংগিকতা নাই বুলি এই যে এটা নেৰেটিভ সৃষ্টি কৰা হৈছে, সি পৰোক্ষভাৱে এস্টাব্লিছমেন্টকেই সহায় কৰিব। চৰকাৰেও সেইটোৱেই বিছাৰি আছে।