হিমন্ত বিশ্ব শৰ্মাক অ’পেন চেলেঞ্জ বদৰুদ্দিন আজমলৰ

 হিমন্ত বিশ্ব শৰ্মাক অ’পেন চেলেঞ্জ বদৰুদ্দিনৰ






সততে বিভিন্ন ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত বিভিন্ন কথা বতৰাক লৈ মুখ চুপতি মাৰি থকা দেখা যায় ৷ এজনে যদি এষাৰ কয় আনজনে তেনেকুৱা তিনিটা তুলুঙা মন্তব্য আগবঢ়াই ৷ নিৰ্বাচন আহিলে যেন ইয়াৰ প্ৰকোপ আৰু বাঢ়ি যায় ৷


এইবাৰ তেনে এক মুখ চুপতিৰে হিমন্ত বিশ্ব শৰ্মাক অ’পেন চেলেঞ্জ কৰিছে বদৰুদ্দিন আজমলে ৷ আজমলৰ মতে, “  ৩০০ বছৰলৈ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা মিঞা খেদিব নোৱাৰে ৷” 


ইয়াৰ প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই এতিয়া কি মন্তব্য দিব সেইয়া লক্ষ্যণীয় হ’ব ৷