আহি আছে এখন নতুন অসমীয়া ছবি

 “ ৱাইড এংগল ” - ২২ মাৰ্চত শুভ মুক্তি




জুয়ে পোৰা ১৯৮৩ৰ গণ আন্দোলনৰ পটভূমিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু জনপ্ৰিয় অভিনেতা তপন দাসৰ অভিনয়েৰে আহি আছে এখন নতুন অসমীয়া চিনেমা Wide Angle. 'জয় আই অসম' শীৰ্ষক চিনেমাখনৰ মূল গীতত কণ্ঠদান কৰিছে জুবিন গাৰ্গে।


২২ মাৰ্চত মুক্তি লাভ কৰিবলগীয়া এই চিনেমাখনত এগৰাকী নিষ্ঠাবান সাংবাদিকৰ সংগ্ৰামী জীৱন আৰু তেওঁৰ কেমেৰাৰ 'ৱাইড এংগল'ৰ কাহিনী। আন্দোলনমুখৰ অসমৰ পটভূমিত সংগ্ৰাম আৰু আবেগৰ জীয়া কাহিনীৰে 'স্বাৱলম্বন  মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত নিৰ্মিত বোলছবিখনৰ পৰিচালনা জয়ন্ত নাথৰ।