মাজুলীত জোৰদাৰ প্ৰচাৰ গৌৰৱ গগৈৰ


এইখন চৰকাৰৰ যুৱ প্ৰজন্মৰ বাবে কোনো পলিছি নাই৷ এইখন চৰকাৰৰ পইছা বিলোৱা, মদৰ দোকান চাৰিওফালে খোলাৰ বাহিৰে আৰু একো নাই বুলি সাংবাদিকৰ আগত মন্তব্য দিয়ে গৌৰৱ গগৈয়ে৷





আকৰ্ষণীয় হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ ৷ তপন কুমাৰ গগৈৰ হৈ বিজেপিৰ প্ৰভাৱশালী নেতাই যোৰহাটত উবুৰি খাই পৰিছে৷ আনহাতে, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিৰ নেতা-কৰ্মীক লৈয়ে যোৰহাটত তীব্ৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয়৷


 এইখন চৰকাৰৰ যুৱ প্ৰজন্মৰ বাবে কোনো পলিছি নাই৷ এইখন চৰকাৰৰ পইছা বিলোৱা, মদৰ দোকান চাৰিওফালে খোলাৰ বাহিৰে আৰু একো নাই বুলি সাংবাদিকৰ আগত মন্তব্য দিয়ে গৌৰৱ গগৈয়ে৷ লগতে কয় যে যুৱসকলক লগত লৈ কাম কৰি আছো৷ গৌৰৱ গগৈ বৰমুকলিৰ এখন জনসভাত অংশ গ্ৰহণ কৰি মাজুলীৰ চৰকাৰী বিদ্যালয়-মহাবিদ্যালয়সমূহৰ অৱস্থা শোচনীয় বুলি মন্তব্য কৰি কয় যে ইতিমধ্যে ইয়াৰে কেইবাখনো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে।


 যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত বিপদত পৰিছে। আন্তঃগাঁথনি উন্নয়ন আৰু উন্নীতকৰণত গুৰুত্ব দিয়াটো জৰুৰীভাৱে প্ৰয়োজন। বিদ্যালয়-মহাবিদ্যালয় বন্ধ কৰাটোৱেই ইয়াৰ সমাধান নহয়। বিশেষকৈ অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অধিক জনসংখ্যা থকা অঞ্চলত বৰ্দ্ধিত পুঁজিৰ অনুদানৰ জৰিয়তে শিক্ষাৰ বাবে গুণগত আন্তঃগাঁথনি ব্যৱস্থাৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে।