জয়মতী মুক্তিৰ ৮৯ বছৰ
চলচ্চিত্ৰ হৈছে এখন সমাজত গঢ় লৈ উঠা সংস্কাৰ-সংস্কৃতিৰ দাপোণস্বৰূপ। সুদীৰ্ঘ ৮৯ বছৰ পূৰ্বে ১৯৩৫ চনত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ডাঙৰীয়া তথা কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত এই ধাৰণাই অসমীয়া চলচ্চিত্ৰক জন্ম দিছিল। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ "সতী জয়মতী" নাটৰ ওপৰত আধাৰিত আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পৰিচালনাৰে আজিৰ পৱিত্ৰ দিনটোতেই মুক্তিলাভ কৰা প্ৰথমখন অসমীয়া বোলছবি "জয়মতী"ৰ সৃষ্টিয়ে অসমীয়া চলচ্চিত্ৰৰ অনিৰুদ্ধ যাত্ৰাৰ এক অনন্য মাৰ্গ দৰ্শাইছিল । অসমীয়া চলচ্চিত্ৰ জগতৰ এই ঐতিহাসিক দিনটোত " জয়মতী" বোলছবিৰ সৈতে জড়িত প্ৰতিগৰাকী স্বনামধন্য কলা-কুশলীলৈ শ্ৰদ্ধাভৰা প্ৰণিপাত জনাইছোঁ।