স্বামীয়ে ম’ম’ ননাৰ বাবেই ডিভৰ্চ বিচাৰিছে পত্নীয়ে ৷
ম’মৰ বাবেই বিচ্ছেদ হ’বনেকি এহাল দম্পতীৰ !!
বিচিত্ৰ দেশ ভাৰতবৰ্ষত চুকে কোণে ক’ত কি কি যে আচৰিত ঘটনাবোৰ হৈ নাথাকে ৷ ক’ৰবাত যদি স্বামীয়ে পত্নীৰ লগত কাজিয়া নকৰাৰ বাবে পত্নীয়ে অতিষ্ঠ হৈ ডিভৰ্চ বিচাৰিছে , ক’ৰবাত আকৌ ভাল লগা বস্তুটো খাবলৈ নোপোৱাৰ বাবেই পত্নীয়ে খঙতে ডিভৰ্চ বিচাৰি আদালতৰ মজিয়া পাইছেগৈ ৷
তেনে এক আমোদজনক ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আগ্ৰাত ৷ বিয়াৰ আগতে প্ৰেমিকে প্ৰেমিকাক জোন তৰা আনি দিম বুলি কোৱাৰ দৰে এইজন প্ৰেমিকে বিয়াৰ পাছত সদায় পত্নীক ম’ম’ খোৱাম বুলি প্ৰতিশ্ৰুতি দিছিল ৷ বিয়াৰ কিছুদিন পাছলৈকে ঠিকেই আছিল ৷কামৰ পৰা উভতি অহাৰ সময়ত সদায় ম’ম’ লৈ আহিছিল ৷ সুুুখৰ সংসাৰ চলি আছিল ৷ কিন্তু দিন বাগৰাৰ লগে লগে স্বামীয়ে সদায় কামৰ পৰা উভতি অহাৰ সময়ত ম’ম’ ননা হ’ল ৷ খঙৰ ভমকত এতিয়া পত্নীয়ে ডিভৰ্চ বিচাৰি আদালতৰ মজিয়া পাইছেগৈ ৷ সঁচাকৈয়ে আজৱ দেশৰ আজৱ ঘটনা ৷