অতিশীঘ্ৰে চিনেমা হৈ আহি আছে "বিদূৰভাই"

Google Image

ক'ভিড গৈও পাতাল পালেগৈ
২০২৪ ৰ দুমাহ পাৰ হৈ গল
ৰণবীৰ সিং আৰু জনী চিনৰ বিজ্ঞাপন ওলাই গ'ল
বিল গেটছ আহি ডলী চাইৱালাৰ চাহ খায় গ'ল
আম্বানীৰ পুতেকৰ বিয়াও হৈ গ'ল
ৰিহানা আহিছিল বিয়ালৈ। তাইয়ো কৈছে বিদুৰভাই চিনেমাহে নহা হ'ল
বিশেষ কথাটো হ'ল, বিদুৰভাই পৰিচালক SUV য়ে জনাইছে, এইবছৰৰ মাজভাগতে আহিব
চিনেমা হৈহে আহিব "বিদুৰভাই"


 ২০২১ চনৰ ৫ নৱেম্বৰ তাৰিখে  ইউটিউবত প্ৰথমটো খণ্ড মুক্তিৰ পাছতেই দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিছিল যুৱ পৰিচালক সুব্ৰত কাকতি পৰিচালিত “ বিদূৰ ভাই” ৱেব ছিৰিজখনে ৷ চহা গ্ৰাম্য জীৱনৰ হাস্য মধুৰ ঘটনাৰ ওপৰত আধাৰিত ৱেব ছিৰিজখনে সকলোকে হাঁহিৰ খোৰাক যোগাইছিল৷  সকলোৱে অপেক্ষা কৰি আছিল অতি সোনকালেই “বিদূৰ ভাই ছিজন ২” মুক্তি লাভ কৰিব বুলি ৷ কিন্তু আজি ২ বছৰ পাৰ হৈ গ’ল , বিদূৰভাইৰ ছিজন ২ মুক্তি নাপালে হে নাপালে ৷ 


শেহতীয়াকৈ বিদূৰভাইৰ দৰ্শক সকলৰ বাবে সুখবৰ দিছে পৰিচালক সুব্ৰত কাকতিয়ে৷ তেখেতে ঘোষণা কৰিছে যে এই বছৰৰ মাজভাগতে মুক্তি লাভ কৰিব বিদূৰভাইয়ে , কিন্তু ৱেবছিৰিজৰ ৰূপত নহয় ; চিনেমা হৈহে আহিব “ বিদূৰভাই” ৷ দ্ৰুতগতিত চলি আছে চিনেমাৰ কাম ৷ এইবছৰে অসমীয়া বোলছবি প্ৰেমীয়ে উপভোগ কৰিবলৈ পাব এখন অতি উন্নত মানদণ্ডৰ অসমীয়া ছবি ৷