কাইলৈ ১২ বজাত হে স্পষ্ট হ'ব সকলো !


ৰাজ্যত ক্ৰমাৎ ভয়ংকৰ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। এতিয়ালৈকে ৰাজ্যত সৰ্বমুঠ ১৬ জন লোকৰ দেহত ধৰা পৰিছে ক’ৰোণাৰ অৱস্থিতি। আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ ৫০ খন বিচনাযুক্ত আই চি ইউ মুকলি কৰে।

আই চি ইউ কক্ষ মুকলিৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলস মন্ত্ৰী শৰ্মাই কয় যে, ‘নিজামুদ্দিনলৈ যোৱা ৰাজ্যৰ ৪৮৮ গৰাকী ব্যক্তিৰ লগত ইতিমধ্যে সম্পৰ্ক স্থাপন কৰা হৈছে। আৰু ১৫ গৰাকী বিচাৰি উলিয়াবলৈ এতিয়াও বাকী আছে। তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগে।

এতিয়ালৈকে ৩৯৫ জনক কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। তাৰে ভিতৰত ৩৬১ৰ তেজৰ নমুনা সংগ্ৰহ কৰা হ’ল। ইয়াৰে বহু কেইটাৰ ৰিপৰ্ট আহিছে। ১৬ টাৰ পিছত নতুনকৈ কেচ অহা নাই যদিও কাইলৈ ১২ বজাত এখন ছবি স্পষ্ট হ’ব। লগতে প্ৰথমবাৰ নিগেটিভ থাকিলেও ১৪ দিনলৈকে তিনিবাৰ তেজ পৰীক্ষা কৰিব স্বাস্থ্য বিভাগে।