চুড়ান্ত বহুৱালী! কোৰোণা ভাইৰাছক চেলেঞ্জ দিবলৈ গৈ এজন যুৱকৰ আচৰিত কাণ্ড। শৌচায়লৰ কোমোদ চেলেকাৰ এদিন পিছতে যুৱকজন আক্ৰান্ত হয় কোৰোণা ভাইৰাছত।
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, যুৱকজনে টিকটকত কোৰোণা ভাইৰাছক প্ৰত্যাহ্বান জনাই চেলেকিছিল শৌচালয়ৰ কোমোদ। এনে বহুৱালী কৰাৰ এদিন পিছতে যুৱকজন আক্ৰান্ত হ’ল কোৰোণা ভাইৰাছত।
২১ বছৰীয়া লাৰ্জ নামৰ যুৱকজন ২২ মাৰ্চৰ দিনা চিকিৎসালয়ত ভৰ্তি হয়। টুইটাৰৰ জৰিয়তে যুৱকজনে এতিয়া নিজেই জনাইছে দেহত কোৰোণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ কথা। এতিয়া যুৱকজনৰ টুইটাৰ একাউণ্টো বন্ধ কৰি দিয়া হৈছে।