লংকাত কৰ'ণাৰ অপপ্ৰচাৰ চলাই গ্ৰেপ্তাৰ হ'ল শিক্ষক


কৰোনা ভাইৰাছৰ আতংক বিয়াপাই জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা শিক্ষক এজনক আৰক্ষীয়ে আটক কৰিছে। ঘটনাটো নগাঁও জিলাৰ কাকীৰ। ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ত শিক্ষকতা কৰা উত্তম দাস নামৰ শিক্ষকজনে ফেচবুকৰ জৰিয়তে অঞ্চলটোৰ এজন লোক কৰোনাত আক্ৰান্ত হোৱা বুলি অপপ্ৰচাৰ চলাইছিল।

শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তিত নিয়োজিত লোকজনৰ প্ৰচাৰে জনসাধাৰণৰ মাজত তীব্ৰ চাঞ্চল্য আতংকৰ সৃষ্টি কৰে। কিন্তু তথ্যখিনি আছিল সম্পূৰ্ণ ভুৱা আৰু মনেসজা। সেই বিষয়ে জািনব পাৰি আৰক্ষী সক্ৰিয় হৈ পৰে আৰু তেওঁক আটক কৰে। ১নং কাকী চাৰিআলিৰ শিক্ষকজনক লংকা থানালৈ নিয়া হয়।