সকলো ৰাজ্য লকডাউন কৰাৰ কঠোৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ


কোৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজ্য লকডাউন কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে। এক বিবৃতিযোগে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই। নিৰ্দেশনা উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে নিৰ্দেশনাটোত।

উল্লেখযোগ্য যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত এতিয়ালৈ ৭জন লোকৰ মৃত্যু ঘটিছে। পৰিস্থিতিলৈ লক্ষ্য ৰাখি ১৩ খন ৰাজ্য আৰু ৮০খন জিলাত লকডাউন কৰা হৈছে। এই ৰাজ্যসমূহ হ’ল মহাৰাষ্ট্র, কেৰালা, হাৰিয়াণা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, পঞ্জাব, দিল্লী, নাগালেণ্ড, ঝাৰখণ্ড আৰু ৰাজস্থান। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ, পশ্চিম বংগত ২৭ মাৰ্চলৈ লকডাউন ঘোষণা কৰাৰ লগতে বাকী ৰাজ্যসমূহ ৩১ মাৰ্চলৈ লকডাউন কৰা হৈছে।