৪০ জনকৈ পাক আৰ্মিৰ দেহত কৰ'ণা বিৰাজমান !


পাকিস্তানৰ এক সংবাদমাধ্যমৰ খবৰ অনুসৰি, কোৰোনাৰ পৰীক্ষাৰ বাবে পাকিস্তানৰ বালিস্তানৰ ২৮ গৰাকী, ডেমেলৰ ৪১ গৰাকী, বাগৰ ৯ গৰাকী, ৰাৱলাকোটৰ ১৪ গৰাকী, মীৰপুৰৰ ৪৫ গৰাকী আৰু খেবৰৰ ৫৫ গৰাকী সৈনিকক প্ৰেৰণ কৰা হৈছিল।

ইয়াৰে মুজাফৰবাদৰ ২১ গৰাকী, ৰাৱলাকোট ৯ গৰাকী, কোটলীৰ ২ গৰাকী, বেলুচিস্তানৰ ৮ গৰাকী আৰু খেবৰ-পাঞ্জাৱৰ ১-১ গৰাকী সৈনিকৰ দেহত কোৰোনাৰ অৱস্থিতি পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, পৰীক্ষা কৰা ২১০ গৰাকী সৈনিক-বিষয়াক বাল্তিস্তানত স্থাপন কৰা বিশেষ কক্ষত ৰখা হৈছে।