কোৰোনা ভাইৰাছৰ বাবে Flipkert এ অস্থায়ীৰূপে বন্ধ কৰিলে নিজৰ সেৱা ৷ কিছু গুৰুত্ব পূৰ্ণ বাৰ্তাৰ লগতে দিছে এই সুবিধা




দেশত বনজুইৰ দৰে বিয়পি পৰিছে কোৰোণা ভাইৰাছ ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশত ২১ দিনৰ বাবে Lock Down ঘোষণা কৰিছে ৷ জনপ্ৰিয় E-Commerce কোম্পানী Flipkertএ ও নিজৰ সেৱা অস্থায়ীৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰিছে ৷

Flipkert App খুলিলেই Home pageত এখন বেনাৰত দেখা গৈছে এটা বাৰ্তা ৷ বাৰ্তাটোত লিখা আছে এনেদৰে , “ আমি আমাৰ সেৱা অস্থায়ীৰূপে বন্ধ কৰিছো ৷ আমাৰ বাবে আপোনালোকৰ প্ৰয়োজন সকলোতকৈ আগত আৰু আমি প্ৰতিশ্ৰুতি দিছো যে আমি যিমান পাৰো সোনকালে উভতি আহিম ৷ এইয়া অতি বিপদজনক সময়, এনেকুৱা পূৰ্বে কেতিয়াও হোৱা নাছিল ৷ এনেকুৱা কেতিয়াও  হোৱা নাছিল যে মানুহে সুৰক্ষিত হ’বলৈ এজনে আনজনৰ পৰা দূৰত থাকিবলগীয়া হৈছে ৷ আমাৰ আহ্বান আপুনিও ঘৰতে থাকক, সুৰক্ষিত থাকক ৷ আমি শীঘ্ৰে উভতি আহিম ৷”


লগলে পেজটো Scroll Down কৰিলে তলত কোৰোনা ভাইৰাছ সম্পৰ্কীয় কিছু উপদেশ দিয়াৰ লগতে এটা Helpline নম্বৰ দিয়া হৈছে ৷ পেজত এটা FAQs শাখাও দিয়া হৈছে য’ত কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন আপুনি সুধিব পাৰিব ৷