ক্ৰমান্বয়ে ভাৰতত বৃদ্ধি পাইছে ক'ৰোনা আক্ৰান্তৰ সংখ্যাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা। বৃহস্পতিবাৰ তথা জম্মু-কাশ্মীৰত মৃত্যু হয় এগৰাকী ৬৫ বছৰীয়া লোকৰ। জম্মু-কাশ্মীৰৰ উচ্চ পদস্থ প্ৰশাসনিক বিষয়া ৰোহিত কামচালে সদৰি কৰে এই কথা।
ইয়াৰ লগে লগে ভাৰতত ১৩ জনলৈ বৃদ্ধি পালে ভাৰতত ক'ৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।
ভাৰতত প্ৰতিপলে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা। বৰ্তমান পৰ্যন্ত ৬৬৭ গৰাকী লোক এই ৰোগত আক্ৰান্ত হোৱাৰ লগতে ১৩ গৰাকীলৈ বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা।
ইপিনে এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি ক'ৰোনাত আক্ৰান্তৰ সংখ্যা ৪,৭১,৫৭৬ লৈ বৃদ্ধি পোৱাৰ লগতে ২১,২৯৭গৰাকী লোকৰ মৃত্যু হৈছে আৰু সুস্থ হৈ উঠিছে ১,১৪,৯৬৯ গৰাকী লোক।
এনেদৰে এতিয়া ক'ৰোনাই বিধ্বস্ত কৰিছে বিশ্ববাসীক।