চীনৰ বিদেশ মন্ত্ৰীৰ ভাৰতলৈ বিশেষ আহ্বান ? কিন্তু কি এই আহ্বান চাওক


সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাস। বিশ্বত প্ৰতিদিনেই বৃদ্ধি পাইছে ক’ৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। চীন দেশত প্ৰথমে ধৰা পৰিছিল এই মাৰাত্মক ভাইৰাছ। বৰ্তমান ভাৰতবৰ্ষটো এই ভাইৰাছে তীব্ৰ ৰূপ ধাৰণ কৰিছে। তাৰ মাজতে ক’ৰোণা ভাইৰাছকলৈ চীন আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধৰ। আমেৰিকাই ইতিমধ্যে ক’ৰোণা ভাইৰাছক ‘চাইনা ভাইৰাছ’বুলি অভিহিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাজহুৱাকৈয়ে চীনক উদ্দশ্যি কৰিছে তীৰ্যক মন্তব্য।

এতিয়া চীনৰ বিদেশ মন্ত্ৰী Wang Yiয়ে ভাৰতক কৰিছে বিশেষ অনুৰোধ। আমেৰিকাৰ দৰে সংকীৰ্ণ মানসিকতাৰ পৰিচয় নিদিবলৈ ভাৰতক আহ্বান জনাইছে চীনৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। চীনৰ বিদেশমন্ত্ৰীজনে বিচাৰিছে যে, আমেৰিকাই চীনক দিয়া অপবাদৰ বিৰোধিতা কৰক ভাৰতে। ভাৰতে ক’ৰোণা ভাইৰাছক ‘চাইনা ভাইৰাছ’ বুলি নামাকৰণ নকৰিবলৈও হাতযোৰ কৰি অনুৰোধ জনালে চীনৰ মন্ত্ৰীজনে।