ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স চাৰ্লছৰ শৰীৰত কৰ'ণাৰ উপস্থিতি ! পৰিয়ালত হাহাকাৰ


বিশ্বব্যাপী ক'ৰোনাৰ হাহাকাৰময় পৰিৱেশৰ মাজতে ব্ৰিটিছ ৰাজপৰিয়ালত লাগিছে এইবাৰ হাহাকাৰ | ক'ৰোনাৰ অৱস্থিতি ধৰা পৰিছে ৱেলচৰ ৭১ বছৰীয়া ৰাজকুমাৰ প্ৰিন্স চাৰ্লচৰ শৰীৰত | পৰীক্ষাৰ অন্ত আজি চিকিত্সকে ধৰা পেলায় যে, মহামাৰী ক'ৰোনাত হৈছে আক্ৰান্ত চাৰ্লচ | বৰ্তমানে স্কটলেণ্ডত নিজকে নিৰীক্ষণত ৰাখিছে ৰাজকুমাৰগৰাকীয়ে |

ইয়াৰ পাচতে এতিয়া শংকিত ব্ৰিটিছ ৰাজ পৰিয়ালৰ সদস্যসকল | ইপিনে সম্পূৰ্ণ সুস্থ অৱস্থাত আছে ব্ৰেটেইনৰ ৰানী এলিজাবেথ | ১২ মাৰ্চতেই মাতৃ অৰ্থাত্ ৰানী এলিজাবেথৰ সৈতে শেষৰটো সাক্ষাত্ হৈছিল চাৰ্লচৰ |

উল্লেখ্য যে বিগত সপ্তাহত ভিন্ন সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল চাৰ্লচে |