কৰ'ণাক প্ৰতিহত কৰিবলৈ কেনেকৈ সক্ষম হৈছে দক্ষিণ কোৰিয়া ?? চাওক


ইউৰোপ এতিয়া ক'ৰোনাৰ ভয়ংকৰ কবলত | ক'ৰোনা ভাইৰাইছে প্ৰথম পৰ্যায়তেই চীনৰ পাচতেই মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল ক্ৰমান্বয়ে দক্ষিণ কোৰিয়া আৰু ইটালীত | যদিও ক'ৰোনাৰ তাণ্ডৱক যেন কিছু পৰিমানে হ'লেও ৰোধিবলৈ সক্ষম হৈছে দক্ষিণ কোৰিয়া তাৰ বিপৰীতে এই ভাইৰাছে ধ্বংলীলা চলাইছে ইটালীত |

ক্ৰমাত্ দক্ষিণ কোৰিয়াত হ্ৰাস পাইছে এই ৰোগত আক্ৰান্তৰ সংখ্যা | অৱনমিত হৈ অধিক আক্ৰান্ত দেশৰ পৰা ইটালীৰ স্থান | কিন্তু কেনেকৈ দক্ষিণ কোৰিয়াই সম্ভৱ কৰি তুলিলে এই কাম।

১৬ মাৰ্চত এক সংবাদমেলযোগে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল প্ৰতিখন দেশে প্ৰতিদিনে ২৫ হাজাৰ লোকক কৰক ক'ৰোনা পৰীক্ষা  আৰু এই বাণীকে সৰোগত কৰি সক্ৰিয় হৈ উঠিছিল দক্ষিণ কোৰিয়াৰ বায়'টিক কোম্পানীসমূহ | বিশেষ টেষ্ট কীটেৰে আৰম্ভ কৰিছিল ক'ৰোনা ভাইৰাছ বিৰোধী অভিযান | প্ৰতিদিনে ২০,০০০তকৈ অধিক দেশবাসীক কৰিছিল পৰীক্ষা।

ইন্টাৰনেচনেল ভেকচিন প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান জেৰমি কিমে সদৰি কৰিছে এই কথা | তেওঁৰ মতে, যিসময়ত বিশ্বৰ অন্যান্য দেশৰ বৈজ্ঞানিকমহল ব্যস্ত হৈ পৰিছে প্ৰতিষেধন প্ৰস্ততকৰণত তেনে সময়তে কিন্তু দক্ষিণ কোৰিয়াৰ বৈজ্ঞানিকমহলে বেলেগ ধৰণে কাম কৰিবলৈ লৈছে।

কিমৰ মতে দক্ষিণ কোৰিয়াৰ ভিন্ন প্ৰান্তত টেষ্ট চেন্টাৰ স্থাপন কৰি বিনামুলীয়াকৈ জনসাধাৰণক পৰীক্ষা কৰা হৈছে আৰু চিনাক্ত হ'লেই ততাতৈয়াকৈ বিশেষ নিৰীক্ষণত ৰাখি চিকিত্সা আৰম্ভ কৰি দিয়া হয় ।

আনকি ফেব্ৰুৱাৰী মাহতেই চৰকাৰে আক্ৰান্ত ৰোগীসকলৰ প্ৰমাণ পত্ৰ,ক্ৰেডিট কাৰ্ড,ডেবিট কাৰ্ডৰ ৰচিদ আৰু অন্য ব্যক্তিগত ডাটাসমূহ উলিয়াই  তাৰ জৰিয়তে সম্পৰ্কলৈ অহা লোকসমূহক চিনাক্ত কৰে।

এনেদৰেই দক্ষিণ কোৰিয়াই সফলতাৰে যুঁজ দিছে ঘাতকৰূপী ক'ৰোনা বিৰোধী অভিযানত।